নিউজ ডেস্ক। হাতত পিষ্টল লৈ ডুমডুমাত সন্ত্ৰাস সুৰামত্ত যুৱকৰ।
হাতৰ পিষ্টল দেখুৱাই কেইবাখনো দোকানৰ মালিক-কৰ্মচাৰীক ভাবুকি প্ৰদান কৰে সুৰামত্ত যুৱকজনে।
এই ঘটনা সংঘটিত হৈছে ডুমডুমাৰ সমীপৰ কুমচাং ৫ নম্বৰত।

দেওবাৰে নিশা অঞ্চলটোত আতংকৰ সৃষ্টি কৰা যুৱকজনক অৱশেষত ৰাইজে পিষ্টলসহ কৰায়ত্ব কৰি কাকপথাৰ আৰক্ষীক চমজাই দিয়ে।
সুৰামত্ত যুৱকজনৰ হাতত থকা পিষ্টলটো নকল বুলি পিছত জানিব পৰা যায়। ইফালে অধিক তথ্যৰ বাবে যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হাতত নকল পিষ্টল লৈ সমগ্ৰ অঞ্চলটোত এজন সুৰামত্ত যুৱকে আতংকৰ সৃষ্টি কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
লগতে চাওকঃ
ভয়ংকৰ IED বিস্ফোৰণে কঁপাই গ’ল শ্বিলঙৰ পুলিচ বজাৰ…
