হাতত দা লৈ চুপাৰ মাৰ্কেটত যুৱকৰ সন্ত্ৰাস! এনেদৰে বশ কৰিবলগীয়া হ’ল আৰক্ষীয়ে… ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ হাতত দা লৈ ৰাজহুৱা স্থানত আতংকৰ সৃষ্টি কৰা এজন লোকক বশ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হ’ল আৰক্ষী।

এই ঘটনাৰ স্থান কৰ্ণাটকৰ কালাবুৰাগী।

কালাবুৰাগীৰ এখন চুপাৰ মাৰ্কেটত দেওবাৰে সন্ধিয়া হাতত অস্ত্ৰ লৈ সন্ত্ৰাসৰ সৃষ্টি কৰে এজন লোকে।

এই বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়।

কিন্তু উন্মত্ত লোকজনে আৰক্ষীকো আক্ৰমণ কৰিবলৈ খেদি অহাত আত্মৰক্ষা আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত দুই জাঁই গুলীচালনা কৰে আৰক্ষীয়ে।

যাৰ ফলত আঘাতপ্ৰাপ্ত হৈ ঢলি পৰে অভিযুক্তজন।

আৰক্ষীয়ে অভিযুক্তজনৰ পৰিচয় জাফৰ বুলি জানিবলৈ দিছে।

ইতিমধ্যে অভিযু্ক্তজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।