হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুকঃ প্ৰমোদ বড়ো…

বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতা একপ্ৰকাৰ চূড়ান্ত হোৱা বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে৷

বাক্সা জিলাৰ তামুলপুৰত মঙলবাৰে আবেলি উপস্থিত হৈ হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰমোদ বড়োৱে৷

হাগ্ৰামা মহিলাৰীক নুফুটা বন্দুকৰ লগত তুলনা কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে বিজেপিৰ লগত মিত্ৰতাৰ কথা কোৱা হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো যুক্তিযুক্ততা নাই।

তেওঁ কয়- হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুক। মহিলাৰীৰ কথাৰ কোনো ভিত্তি নাই। মুখ্যমন্ত্ৰীক সকলোৱে লগ কৰিব পাৰে৷ হাগ্ৰামায়ো লগ কৰিছে৷ বিগত সোতৰ বছৰে দুৰ্নীতি, লুণ্ঠন চলোৱা হাগ্ৰামাই বিটিচিত শান্তি স্থাপন কৰিব নোৱাৰিলে৷ এতিয়া বিটিচিত শান্তি আহিছে।

আনহাতে, সমাগত উপ–নিৰ্বাচনত তামুলপুৰ সমষ্টিত মিত্ৰজোঁটৰ বাদে কোনো অন্য  দলৰ জিকাৰ সম্ভাৱনা নাই বুলি কয় প্ৰমোদ বড়োৱে।

তামুলপুৰ সমষ্টিত আমাৰ প্ৰাৰ্থীয়ে এইবাৰ ১ লাখতকৈ বেছি ভোট পাই জয়যুক্ত হ’ব বুুুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে৷

উল্লেখযোগ্য যে উপ–নিৰ্বাচনত সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যুৱ নেতা জলেন দৈমাৰীক প্ৰক্ষেপ কৰিছে৷

Leave a Comment