fbpx
অসম

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে প্ৰমোদ বড়োৱে, কিন্তু কিয়..?

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।

কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাগ্ৰামাৰ বিৰুদ্ধে প্ৰমোদ বড়োৱে তৰিলে গোচৰ।

উল্লেখ্য যে, বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ। এই ঘটনাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ।

হিতেশ বসুমতাৰীৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰ–শস্ত্ৰ প্ৰমোদ বড়োৱে লুকুৱাই ৰখা বুলি অভিযোগ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যৰ বিৰুদ্ধে আজি গোচৰ তৰে বিটিচি প্ৰধানগৰাকীয়ে।

কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাগ্ৰামাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে প্ৰমোদ বড়োৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!