হলিউড-বলিউডৰ চিনেমাৰ কথা কৈ পত্নী আইমীৰ চিনেমাৰ বিষয়ে কি কথা ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই…

নিউজ ডেস্কঃ অসমীয়া বুলিয়েই হলত টিকটৰ পইচা খৰছ কৰি এখন ল’ কোৱালিটিৰ অসমীয়া চিনেমা আৱেগত নাচায় মন্ত্ৰী পীযুষ হাজৰিকাই!

বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ ছবিৰ সৈতে পত্নী আইমী বৰুৱাৰ ছবিৰ তুলনা কৰি এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত আৱেগতে এখন বেয়া অসমীয়া চিনেমা তেওঁ নাচায় বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই।

ভাষণৰ সময়ত মন্ত্ৰীজনে কয়, মই টিকট কাটি হলত শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ চিনেমা চিনেমা চোৱাৰ পিছত একেটা হলতে একেখিনি টকা খৰছ কৰি অসমীয়াই বুলিয়েই আইমী বৰুৱাৰ এখন চিনেমা চাবলৈ মই কিয় যাম?’

মন্ত্ৰীজনে নিজৰ পত্নী তথা অভিনেত্ৰী, পৰিচালক আইমী বৰুৱাৰ নাম লৈ কয়, ‘বেলেগৰ নাম মই নলও। বেয়াও পাব পাৰে। কিন্তু আইমীতো মোৰ পত্নী।’

অসমীয়া আৱেগৰ বাবে এখন বেয়া অসমীয়া ছবি হলত বহি চোৱাতকৈ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই।