‘হম ৰহে য়া না ৰহে কল…!’ -কলকাতাৰ মঞ্চত এই গীতটোকে শেষবাৰৰ বাবে গাই গ’লগৈ কে কে…

নিউজ ডেস্ক: কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ উদ্যোগত নজৰুল মঞ্চত অনুষ্ঠিত হৈছিল এক সংগীতানুষ্ঠান। কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কে আছিল সেই সংগীতানুষ্ঠান খনৰ মুখ্য আকৰ্ষণ।

হাজাৰ হাজাৰ দৰ্শকে মোবাইলৰ ফ্লাছ জ্বলাই কলকাতালৈ আদৰণি জনাইছিল কণ্ঠশিল্পীগৰাকীক। তাতেই তেওঁ দৰদ ভৰা কণ্ঠৰে গাইছিল- “চোটী চি জিন্দেগী… হম ৰহে য়া না কল… কল য়াদ আয়েংগে পল…!

image 3
'হম ৰহে য়া না ৰহে কল...!' -কলকাতাৰ মঞ্চত এই গীতটোকে শেষবাৰৰ বাবে গাই গ'লগৈ কে কে... 2

সেয়াই আছিল তেওঁৰ শেষ সংগীতানুষ্ঠান, সেয়াই আছিল তেওঁৰ শেষ গান! কোনেও কল্পনাও কৰিব পৰা নাছিল যে মঞ্চত গীত গাই গাই হাজাৰ হাজাৰ দৰ্শকক নষ্টালজিক কৰি তোলা কণ্ঠশিল্পীগৰাকীয়ে মঞ্চৰ পৰা নামি অহাৰ ক্ষন্তেক পিছতে মেলানি মাগিব জীৱনৰ পৰা!

নজৰুল মঞ্চত গীত পৰিবেশন কৰি কে কে উভটিছিল হোটেললৈ। আৰু তেতিয়াই তেওঁ কিছু শাৰীৰিক অস্বস্তি অনুভৱ কৰাৰ বিষয়ে সতীৰ্থক জনাইছিল।

নিশা তেতিয়া প্ৰায় ১০.৩০ বাজিছিল! লগে লগে তেওঁক কলকাতা মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউটলৈ লৈ যোৱা হয়। কিন্তু তেতিয়ালৈকে বহু পলম হৈছিল।

অসংখ্য অনুৰাগীক কন্দুৱাই, সংগীত জগতত এক পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰি ৫৩ বছৰ বয়সত মৃত্যুৰ কোলাত চিৰদিনৰ বাবে শুই পৰে কে কে!

১৯৬৮ চনৰ ২৩ আগষ্টত দিল্লীত জন্মগ্ৰহণ কৰা কৃষ্ণকুমাৰ কুন্নাথ পৰৱৰ্তী সময়ত জনপ্ৰিয় হৈ পৰিছিল কে কে নামেৰে।

সংগীত কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে বহু বিজ্ঞাপনৰ তিনি হাজাৰৰো অধিক জিঙ্গলত কণ্ঠ দিছিল কে কেয়ে। তাৰ পিছত ১৯৯৯ চনত মুক্তিলাভ কৰা ‘হম দিল দে চুকে চনম’ ছবিখনৰ আটাইতকৈ জনপ্ৰিয় গীত ‘তড়প তড়প’ৰে বলিউডৰ খোজ দিয়ে কণ্ঠশিল্পী গৰাকীয়ে।

পৰৱৰ্তী সময়ত তেওঁ হিন্দীৰ লগতে, মালায়মম, গুজৰাটী, বাংলা, অসমীয়া আদি বিভিন্ন ভাষাত ৭০০ৰো অধিক গীতত কণ্ঠ নিগৰায়।

এনে গৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ মৃত্যুৰ বাতৰিত আজি শোকস্তব্ধ সংগীত জগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সংগীতকাৰ চেলিম মাৰ্চেণ্ট, অভিনেতা ৰিতেশ দেশমুখ আদি অনেকে কণ্ঠশিল্পী গৰাকীৰ অকাল বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে।

Leave a Comment