
নিউজ ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মাজতে হঠাৎ বিধানসভাত উপস্থিত বলীউডৰ তাৰকা অভিনেতা তথা সুযোগ্য অসম সন্তান আদিল হুছেইন।
আদিল হুছেইনৰ বিধানসভাৰ চৌহদত দেখি উথপথপ লাগিল সাংবাদিক আৰু উপস্থিত সকলোৰে মাজত।
দৰাচলতে মাজুলীত অনুষ্ঠিত হ’বলগীয়া মনগীত মহোৎসৱ উপলক্ষ্যে মুখ্যমন্ত্ৰীৰে আলোচনাৰ বাবে উপস্থিত হয় জনপ্ৰিয় অভিনেতাগৰাকী।
তেওঁ জানিবলৈ দিয়া মতে, ১৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ মাজুলীত অনুষ্ঠিত হ’ব মনগীত মহোৎসৱ।
আনহাতে অসমীয়া খাদ্য সম্ভাৰৰ বাবেও তাত অনুষ্ঠিত হ’ব অনুষ্ঠান।
এই মহোৎসৱত উপস্থিত থাকিব কণ্ঠশিল্পী পাপন, অনুৰাগ শইকীয়াৰ দৰে বলিউডত প্ৰতিষ্ঠিত শিল্পীৰ লগতে বহুকেইগৰাকী শিল্পী আৰু কলা-কুশলী।
মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে অহা বুলি জানিবলৈ দিয়ে আদিল হুছেইনে।