হঠাতে খহি পৰা পাহাৰৰ মাটিত পােত গৈ মৃত্যু ডাম্পাৰ চালকৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাছাৰ জিলাৰ বিভিন্ন অঞ্চলতাে মুক্তিভাৱে পাহাৰৰ খনন কাৰ্য অব্যাহত থকাৰ সময়তে ঘটিল এক শােকাৱহ ঘটনা।

এস্কেভেটৰেৰে পাহাৰ খান্দি থকাৰ সময়তে মাটিৰ তলত পােত গৈ মৃত্যু এজন ডাম্পাৰ চালকৰ।

এই ঘটনাৰ স্থান কাছাৰ জিলাৰ উদাৰবন্দৰ নতুন দয়াপুৰ এলেকাৰ।

9
হঠাতে খহি পৰা পাহাৰৰ মাটিত পােত গৈ মৃত্যু ডাম্পাৰ চালকৰ 3

নিহত ডাম্পাৰ চালকৰ নাম হুছেইন আহমেদ ওৰফে কুটি মােনা বুলি জানিব পৰা গৈছে।

হুছেইন পানগ্ৰাম ভাগ ৩ গাঁৱৰ বাসিন্দা।

98
হঠাতে খহি পৰা পাহাৰৰ মাটিত পােত গৈ মৃত্যু ডাম্পাৰ চালকৰ 4

জানিব পৰা মতে, ডাম্পাৰত মাটি উঠােৱাৰ সময়তে গাড়ীখনৰ কাষত থিয় দি থকা অৱস্থাত হঠাতে পাহাৰৰ পৰা খহি অহা মাটিত পােত যায় হুছেইন আহমেদ।

ঘটনাৰ পাছতে উক্ত ঠাইৰ পৰা পলায়ন কৰে এস্কেভেটৰৰ চালক আৰু কৰ্মচাৰী।

ইপিনে, ঘটনাৰ খবৰ লাভ কৰি NDRF আৰু SDRF ৰ উদ্ধাৰকাৰী দলে ডাম্পাৰ চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

Leave a Comment