হজৰত মহম্মদৰ বিতৰ্কিত কাৰ্টুন আঁকোতা চিত্ৰকৰৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিৰাপত্তাৰক্ষী সহ মৃত্যু ঘটিল ২০০৭ চনত হজৰত মহম্মদৰ এটা বিতৰ্কিত কাৰ্টুনৰ যোগেদি চৰ্চিত হােৱা ছুইডেনৰ চিত্ৰকৰ লাৰ্ছ বিল্কছৰ।

জানিব পৰা মতে, ছুইডেনৰ দক্ষিণাংশৰ মাৰ্কাৰিড চহৰত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। চিত্ৰকৰগৰাকী উঠি যোৱা আৰক্ষীৰ বাহনখন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ লগাৰ ফলতেই তেওঁৰ মৃত্যু হয়।

দুৰ্ঘটনাত দুজন আৰক্ষীৰ লোকো নিহত হয়।

৭৫ বছৰীয়া চিত্ৰকৰগৰাকী কাৰ্টুন অংকনৰ পিছৰে পৰা আৰক্ষীৰ সুৰক্ষাত আছিল।

কাৰ্টুনটো প্ৰকাশৰ পিছতেই মুছলমান সমাজে ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন সংগঠন তথা ব্যক্তিয়ে চিত্ৰকৰগৰাকীক প্ৰাণে মৰাৰো ভাবুকি দিছিল।

আনকি একাধিকবাৰ তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছিল যদিও তেওঁ প্ৰাণৰক্ষা পৰিছিল।

অল কায়দাই তেওঁক হত্যা কৰোঁতাক ১ লাখ ডলাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

Leave a Comment