
নিউজ ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰৰ পিছতে বিজেপিৰ পৰা নিলম্বন কৰা হ’ল তেলেংগানাৰ গোছামহালৰ বিধায়ক টি ৰাজা সিঙক।
উল্লেখ্য যে, হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰি ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ অভিযোগত মঙলবাৰে তেলেংগানা আৰক্ষীয়ে হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে বিজেপি বিধায়কজনক। ইয়াৰ পিছতে বিজেপিয়েও বিধায়ক জনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি উত্তৰ বিচাৰে আৰু নিলম্বন কৰে।

প্ৰণিধানযোগ্য যে, পূৰ্বেও টি ৰাজা সিঙৰ বিৰুদ্ধে ৰুজু হৈ আছে প্ৰৰোচনামূলক ভাষণ প্ৰদানক লৈ কেইবাটাও গোচৰ। শেহতীয়াকৈ তেওঁ হজৰত মহম্মদক অপমান কৰি এটা ভিডিঅ’ পোষ্ট কৰিছিল। ইয়াৰ পিছতে হাইদৰাবাদত বিজেপি বিধায়কজনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহৎ সংখ্যক মুছলমান লোকে।
অন্যহাতে বিদ্বেষ আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত ২০২০ চনত টি ৰাজা সিঙক বেন কৰিছিল ফেচবুক আৰু ইনষ্টাগ্ৰামে। একালৰ তেলেগু দেশম পাৰ্টীৰ সদস্য ৰাজা সিঙে পিছত বিজেপিত যোগদান কৰিছিল আৰু ২০১৮ চনত গোছামহালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল।