সৰ্বভাৰতীয় পৰ্যায়ত অসম আৰক্ষীৰ সফলতা, ৭১তম সদৌ ভাৰত পুলিচ গেমছত ৩ টাকৈ পদক লাভ

৭১তম সদৌ ভাৰত পুলিচ গেমছত অসম আৰক্ষীৰ সফলতা।

পুনেৰ SRPFত মহাৰাষ্ট্ৰ আৰক্ষীয়ে আয়োজন কৰা ‘৭১তম সদৌ ভাৰত পুলিচ গেমছ’ত অসম আৰক্ষীৰ সফলতা।

সৰ্বভাৰতীয় পুলিচ পাঞ্জাত তিনিটাকৈ পদক লাভ অসম আৰক্ষীৰ।

এটা ৰূপৰ আৰু দুটা তামৰ পদক লাভ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ পাঞ্জা দলটোৰ তিনিগৰাকী খেলুৱৈয়ে।

পুৰুষৰ ৬৫কেজি শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল পুলকেশ কামানে।

আনহাতে ৮৫কেজি শাখাত তামৰ পদক লাভ কৰে বিনোদ বৰুৱা আৰু মহিলাৰ ৫৫কেজি শাখাত দিপালী গগৈয়ে লাভ কৰে তামৰ পদক।

১৪ৰ পৰা ২০নৱেম্বৰলৈ অনুষ্ঠিত হোৱা খেলখনৰ পদক লাভ কৰা খেলুৱৈসকলক সোমবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।