অসম
সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান…

সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান।
অগপ চৰকাৰৰ দিনৰ সীমান্ত উন্নয়ন মন্ত্ৰী আছিল বিনোদ গোৱালা।
১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০০৬ চনত সৰুপথাৰ সমষ্টিৰ অগপ বিধায়ক আছিল বিনোদ গোৱালা।
তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বিনোদ গোৱালা।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শ্ৰীবিনোদ গোৱালাদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে অতিশয় মৰ্মাহত কৰি তুলিছে। দায়িত্বশীল জনপ্ৰতিনিধি তথা সহজ-সৰল শ্ৰদ্ধাৰ গোৱালাদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। pic.twitter.com/d3StLRtjnp
— Himanta Biswa Sarma (@himantabiswa) April 13, 2022