fbpx
অসমীয়াৰাষ্ট্ৰীয়

সৰলতা! ৩৫ হাজাৰ কোটি টকাৰ গৰাকী তেওঁ, তথাপিও মাটিত বহি ভোজন প্ৰস্তুত লেখিকা, শিক্ষাবিদ পদ্মভূষণ সুধা মূৰ্তিৰ, ভাইৰেল ফটোই হৃদয় জিনিছে সকলোৰে…

নিউজ ডেস্কঃ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বই চিনি পোৱা এগৰাকী মহিলা তেওঁ।

তেওঁৰ স্বামী ইনফ’ছিছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। বৃটেইনৰ প্ৰধানমন্ত্ৰী তেওঁৰ জোঁৱাই।

একেৰাহে এগৰাকী শিক্ষাবিদ, লেখিকা, সমাজকৰ্মী এই মহিলাগৰাকীৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৫ হাজাৰ কোটি টকা।

তেওঁ আগবঢ়োৱা অবদানৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে।

কিন্তু কোৱা হয়- যিয়ে শিপা পাহৰি নাযায়, তেওঁ আকাশ ঢুকি পোৱাৰ যোগ্য।

image 9

এই বিশিষ্ট মহিলাগৰাকীৰ সাধাৰন জীৱন যাপনেও বিগত সময়ত বহু জনৰ হৃদয় জিনি আহিছে।

শেহতীয়াকৈ তেওঁৰেই আন কেইখনমান ফটোৱে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

এইগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখিকা, সমাজকৰ্মী তথা ইনফ’ছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষা হৈছে সুধা মূৰ্তি।

ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্তিৰ পত্নী তথা বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ শাহু পদ্মভূষণ সুধা মূৰ্তিৰ কেইখনমান ফটোৱে এতিয়া হৃদয় জিনিছে নেট ব্যৱহাৰকাৰীৰ।

image 10

মাটিত বহি হাজাৰ হাজাৰ মহিলাৰ সৈতে একেলগে কেৰেলাৰ জনপ্ৰিয় থলুৱা খাদ্য ‘পোংগালা’ প্ৰস্তুত কৰি থকা সময়ত এই ফটো কেইখন দেখি সুধা মুৰ্তিৰ সাধাৰণ জীৱন যাপন আৰু সৰলতাক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে।

দৰাচলতে কেৰালাৰ তিৰুৱান্তপুৰমৰ আট্টুকাল ভাগৱতী মন্দিৰত প্ৰতি বছৰে উদযাপন কৰা হয় পোংগালা উৎসৱ।

এই উৎসৱৰ সময়ত দেশ-বিদেশৰ হাজাৰ হাজাৰ মহিলাই মন্দিৰত প্ৰাৰ্থনা জনাবলৈ ভিৰ কৰে ভোগ হিচাপে নিজে পোংগালা প্ৰস্তুত কৰে।

image 11

পদ্মভূষণ সুধা মুৰ্তিয়েও এই উৎসৱত ভাগ লৈ কোনো নিৰাপত্তা বা ভিভিআইপি সেৱা অবিহনে হাজাৰ হাজাৰ মহিলাৰ সৈতে একেলগে চাউল, নাৰিকল আৰু গুড়েৰে পোংগালা প্ৰস্তুত কৰে।

উল্লেখ্য যে, সুধা মুৰ্তি এগৰাকী দানবীৰ হিচাপেও সু পৰিচিত। বিভিন্ন সময়ত বিভিন্ন জনক সহায় কৰি অহাৰ লগতে অনেক সামাজিক কাৰ্যৰ সৈতে জড়িত সুধা মুৰ্তিৰ সাধাৰণ জীৱন যাপনে প্ৰভাৱিত কৰি আহিছে দেশবাসীক।

Related Articles

Back to top button