‘স্মাৰ্ট পুলিচিং’ সমীক্ষাত দেশৰ ভিতৰত তৃতীয় স্থান লাভ অসম আৰক্ষীৰ…

অসম আৰক্ষীৰ বাবে এক ভাল খবৰ।
স্মাৰ্ট পুলিচিং’ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান লাভ কৰিছে অসম আৰক্ষীয়ে।
ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
মুঠ দহৰ ভিতৰত ৭.৮৯ পইণ্ট আহৰণ কৰি অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে।
আনহাতে এই সমীক্ষাত ৮.১১ পইণ্টেৰে অন্ধ্ৰপ্ৰদেশে প্ৰথম স্থান আৰু ৮.১০ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে তেলেংগানাই।
উল্লেখ্য যে সংবেদনশীলনা, কঠোৰ আনুশাসন, ভাল আচৰণ, নাগৰিকে সহজতে লগ পোৱা, তাৎক্ষণিক সমিধান দিয়া, সহায় আৰু বন্ধুত্বসুলভ পুলিচিং, নিৰপেক্ষ আৰু আইনগত পুলিচিং, দায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰে।
ইয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগৰ প্ৰতিটো বৰ্গৰ বিষয়া-জোৱান-কৰ্মচাৰীক অভিনন্দন জনায়।
লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো কৃতজ্ঞতা জ্ঞাপন কৰে।
Gratitude to Hon. CM @himantabiswa for his continuous support and guidance.
— DGP Assam (@DGPAssamPolice) November 19, 2021
Most importantly, heartfelt THANK YOU to the great people of Assam!
THANK YOU
-for trusting us!
-for appreciating us!
-for showing confidence in us!
We are indebted! Yet we promise to do better.