স্বৰ্ণ জয়েৰে ইতিহাস ৰচা নয়নমণি শইকীয়ালৈ পুৰস্কাৰ আগবঢ়ালে বন বিভাগে।
কমনৱেলথ গেমছত পদক জয়েৰে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণিয়ে।
গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা ওলাই আহি কমনৱেলথ গেমছত পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচিলে নয়নমণিয়ে।
বৰ্তমান নয়নমণি শইকীয়া দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখ্য যে, এগৰাকী ভাৰোত্তোলক হিচাপে ক্ৰীড়াৰ কেৰিয়াৰ আৰম্ভ কৰিছিল নয়নমণিয়ে। কিন্তু আঘাতৰ বাবে তেওঁৰ প্ৰদৰ্শন শোচনীয় হ’বলৈ ধৰাত ভাৰোত্তোলন এৰি লন বল খেলিবলৈ আৰম্ভ কৰে।
এফালে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল আৰু আনফালে পৰিয়াল-সামাজিক দায়িত্ববোধৰ মাজেৰে নয়নমণি শইকীয়াই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি সুনাম বুটলিবলৈ সক্ষম হৈছে।

২০১১ আৰু ২০১৫ চনত অনুষ্ঠিত নেশ্যনেল গেমছত নয়নমণিয়ে একক আৰু দলীয় শাখাত স্বৰ্ণ জয় কৰিছিল।
তদুপৰি ২০১২ চনত অনুষ্ঠিত ২৫ অনুৰ্ধ্বৰ এছিয়ান লন বল চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল নয়নমণিয়ে।
ইয়াৰ উপৰি, নয়নমণিয়ে ২০১৪ আৰু ২০১৮ চনৰ কমনৱেল্থ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।