স্বাস্থ্য বিষয়াৰ জাল চহীৰে বেংকৰ পৰা ধন উলিয়াই ৰঙাঘৰৰ আলহী হ’ল এজন…

স্বাস্থ্য বিষয়াৰ জাল চহীৰে বেংকৰ পৰা ধন উলিয়াই ৰঙাঘৰৰ আলহী হ’ল এজন।

ধুবুৰীৰ সহঃ যুটিয়া স্বাস্থ্য বিষয়াৰ জাল চহীৰে বেংকৰ পৰা ধন উলিওৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত৷

ধুবুৰী জিলাৰ তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ পৰিচয় দি ধুবুৰী জিলাৰ ধৰ্মশালাৰ নিৱাসী মজিবুৰ ৰহমানে অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা সংগ্ৰহ কৰে পাঁচ লাখ টকা৷

জানিব পৰা মতে মজিবুৰ ৰহমানে অসম গ্ৰামীণ বিকাশ বেংকক যোগান ধৰিছিল বহু নথি৷ কিন্তু মজিবুৰ ৰহমানে যোগান ধৰা সকলো নথি আছিল জাল৷

ধুবুৰীৰ সহঃ যুটিয়া স্বাস্থ্য বিষয়াৰ জাল চহী-মোহৰ আৰু চহীসহ বেংকৰ ষ্টেটছমেন আদি জমা দি নৱেম্বৰত লোন হিচাপত বেংকৰ পৰা উলিয়াইছিল পাঁচ লাখ৷

কিন্তু নৱেম্বৰত লোৱা লোনৰ মাহিলি কিস্তি বেংকলৈ নহাত সন্দেহ ওপজে বেংক বিষয়াৰ৷

অৱশেষত বেংকলৈ মাতি পঠিওৱাৰ পিছত গোটেই ঘটনাটো পোহৰলৈ আহে আৰু অভিযুক্ত মজিবুৰ ৰহমানক গোলকগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে।

Leave a Comment