স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপঃ ১০ জিলালৈ বিশেষ বাহনেৰে প্ৰেৰণ কৰিব ক’ভিড প্ৰতিষেধক…

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ।

১০ জিলালৈ বিশেষ বাহনেৰে প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক।

আইএছ বিটিৰ পৰা ৰাজ্যৰ নিৰ্বাচিত ১০ খন জিলালৈ বিশেষ বাহনেৰে প্ৰেৰণ কৰিব কভিড প্ৰতিষেধক।

বাহনসমূহ যাত্ৰাৰ আনুষ্ঠানিকভাৱে যাত্ৰাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অশোক সিংহালৰ লগতে উপস্থিত থাকে ASTC অধ্যক্ষ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়- ক’ভিড প্ৰতিষেধৰ প্ৰথমটো পালি এতিয়াও ৰাজ্যৰ ৯০ লাখ লোকক দিবলৈ বাকী আছে।১০খন জিলালৈ প্ৰতিষেধক লৈ যোৱাৰ বাবে ১৫খন বাহনৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ দুৰ্গম অঞ্চললৈ বাহনসমূহে লৈ যাব ভেকচিন।

লগতে আজিৰ দিনটোত ৰাজ্যত ২২ লাখ ভেকচিন মজুত আছে বুলি প্ৰকাশ কৰি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Leave a Comment