
নিউজ ডেস্ক। বিগত কেইবাবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ তথা সমাজকৰ্মী ৰাতুল মহন্তই।
তেজপুৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা প্ৰায় ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ।

ইফালে ৰাতুল মহন্তৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে তেওঁৰ জনমভূমি কলিয়াবৰৰ তেলিয়াগাৱঁত সৃষ্টি হয় শোকাকূল পৰিবেশৰ।
সৰলমনা, পৰোপকাৰী, অহংকাৰশূন্য অবিবাহিত ৰাতুল মহন্তৰ অকাল বিয়োগে জন্মস্থান শ্ৰীশ্ৰীবালি সত্ৰ, তেলিয়াগাঁও নিবাসী ৰাইজৰ লগতে শুভাকাংক্ষীসকলক মর্মাহত কৰি তুলিছে।
শ্ৰীশ্ৰীবালি সত্ৰৰ ভকত- বৈষ্ণৱ, তেলিয়াগাঁৱৰ ৰাইজ, জয়ন্তীপুৰ গাঁৱৰ ৰাইজ, কলিয়াবৰ জিলা সত্ৰ মহাসভা, পশ্চিম কলিয়াবৰ আঞ্চলিক সত্ৰ মহাসভা, সমন্বিত যুৱতীৰ্থ কলিয়াবৰ, কলিয়াবৰ প্ৰেছ ক্লাব, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদ, ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকল, মহকুমাধিপতি পবিত্র কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া, মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন দল-সংগঠনকে ধৰি অঞ্চলটোৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।।
মহন্তৰ নশ্বৰ দেশ বাসগৃহলৈ অনাৰ পিছতে অগণন লোকে শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে।
সতীৰ্থ মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰপৰা তেখেতৰ কনিষ্ঠ ভাতৃ ৰাতুল মহন্তৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। ৰাতুলৰ ল’ৰালিকালৰপৰাই তেওঁৰ সৈতে আমাৰ ঘনিষ্ঠতা আছিল। তেওঁ আমাৰ ভাতৃস্বৰূপ। pic.twitter.com/akha47KIMv
— Atul Bora (@ATULBORA2) June 10, 2022
উল্লেখ্য যে, বিভিন্ন সামাজিক কামত জড়িত হৈ অহা অবিবাহিত ৰাতুল মহন্তই মৃত্যুৰ সময়ত এৰি থৈ যায় মাতৃ, জেষ্ঠ ভাতৃ ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত, কৰুনা মহন্ত, কানু মহন্ত, কৃষ্ণ মহন্ত আৰু কনিষ্ঠ ভাতৃ তথা যুৱ নেতা মনি মহন্তক৷
কৃষিমন্ত্ৰী অতুল বৰাই টুইট কৰি প্ৰয়াত ৰাতুল মহন্তৰ বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে।
তেওঁ কয়, ‘সতীৰ্থ মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰপৰা তেখেতৰ কনিষ্ঠ ভাতৃ ৰাতুল মহন্তৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। ৰাতুলৰ ল’ৰালিকালৰপৰাই তেওঁৰ সৈতে আমাৰ ঘনিষ্ঠতা আছিল। তেওঁ আমাৰ ভাতৃস্বৰূপ।’
লগতে চাওকঃ
যেন চিনেমাৰ কাহিনী! জন্মৰ ৩ বছৰ পিছত নিজৰ সন্তানক ওভতাই পালে এহাল দম্পতীয়ে
