fbpx
অসমঅসমীয়া

স্বামী- ২ সন্তানক এৰি আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আটক মহিলা

নিউজ ডেস্ক। অব্যাহত আছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বাধীন)ৰ নতুন সদস্যভৰ্তি অভিযান।

বিগত কিছুদিনৰ পৰা উজনি-নামনিৰ বহু যুৱক-যুৱতীয়ে সংগঠনটােত যােগদান কৰা বুলি খােদ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই স্বীকাৰ কৰিছে।

এইবাৰ নিজৰ স্বামী-সন্তান এৰি সংগঠনটােত যোগদান কৰিবলৈ আহি আটক হ’ল এগৰাকী বিবাহিত মহিলা।

p1 5

অসম-নগালেণ্ড সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীয়ে আটক কৰিলে নগাঁও জিলাৰ মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগমক।

জানিব পৰা মতে, গােপন সূত্ৰৰ খবৰৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক।

অধিক তথ্যৰ বাবে মহিলাগৰাকীক সােধ-পােছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিব দিয়া অনুসৰি দেওবাৰে পুৱা নগাঁও আৰক্ষীৰ পৰা লাভ কৰা এক তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলােৱা হৈছিল।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বাসুমতাৰিৰ নেতৃত্বত জিলাখৰ অসম নগালেণ্ডৰ সীমান্তত অৱস্থিত নামতোলাত অভিযান চলাই দুটি সন্তানৰ মাতৃ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমত সংগঠনটােৰ হৈ প্ৰচাৰ চলাই আছিল ধৃত মহিলাগৰাকী।

ইয়াৰ মাজতে সংগঠনটোত যোগদান কৰাৰ উদ্দেশ্যে নগাঁৱৰ পৰা সোণাৰি নামতোলা হৈ নগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰিবলৈ লওঁতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

আৰক্ষী কলনিত সােমাই মহিলা আৰক্ষীৰ স্কুটি জ্বলাই দিলে নিচাসক্ত যুৱকে…

G3 9

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!