NATIONAL

স্বামীৰ সৈতে কাজিয়া লাগি নৱম মহলাৰ পৰা পত্নীৰ জাঁপ, তাৰ পাছতাে প্ৰাণৰক্ষা!

নিউজ ডেস্ক। বেলকনিত থাকোতে পতি-পত্নীৰ মাজত সামান্য কথাতে আৰম্ভ হ’ল বিবাদ। কিন্তু কথাত কথাত বাঢ়ি বিবাদে ললে চূড়ান্ত ৰূপ।

মতৰ অমিল হোৱাত পতিৰ ওপৰত খং উঠি পত্নীয়ে জঁপিয়াই দিলে ফ্লেটৰ নৱম মহলাত থকা বেলকনিৰ পৰা। কিন্তু পত্নীক পৰিবলৈ নিদিয়াকৈ স্বামীয়ে ধৰি ল’লে হাতত। যাৰফলত ওলমি ৰ’ল পত্নী।

বেলকনিৰ ভিতৰফালে স্বামী আৰু আনফালে মুকলি জগতত স্বামীৰ হাতত ধৰি ওলমি আছে পত্নী। যেন সেইয়া চিনেমাৰহে দৃশ্য।

সাধাৰণতে এই দৃশ্য চিনেমাতহে দেখা পোৱা যায়। কিন্তু এইবাৰ এই দৃশ্য দেখা পোৱা গল বাস্তৱত।

এই দৃশ্য উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ। স্বামী ফাৰাজ হাছান আৰু তেওঁৰ পত্নী সাদিয়া বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গাজিয়াবাদৰ বিজয়নগৰ আৰক্ষী থানা অঞ্চলৰ ক্ৰছিং ৰিপাব্লিকৰ চেভিয়াৰ চছাইটিৰ নৱম মহলাত বাস কৰে স্বামী আৰু পত্নীয়ে। কিন্তু মঙলবাৰে সন্ধিয়া কিবা এটা কথাক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল দুয়ো।

তেওঁলোকৰ বিবাদ বাঢ়ি যোৱাত খঙৰ ভমকত পত্নীয়ে ফ্লেটৰ নৱম মহলাৰ পৰা তললৈ জঁপিয়াই পৰাৰ চেষ্টা কৰে।

মহিলাগৰাকীয়ে ৰেলিঙৰ পৰা জঁপিয়াই পৰিবলৈ লওঁতেই স্বামীয়ে তেওঁৰ হাতত ধৰে। পত্নীৰ হাতত ধৰি স্বামীয়ে চিঞৰ মাৰে। যাৰফলত ফ্লেটৰ সকলো আৱাসী বাহিৰলৈ ওলাই আহে। বাহিৰলৈ ওলাই আহি আৱাসীসকলে সেই দৃশ্য দেখি আচৰিত হয়।

লগে লগে আৱাসীসকলে নিজৰ নিজৰ গাদী আৰু তুলি সমূহ আনি মাটিত পাৰি দিছিল। প্ৰায় তিনি মিনিট সময় স্বামীয়ে পত্নীৰ হাতত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত পত্নীৰ হাত এৰি দিয়ে তেওঁ। যাৰফলত আৱাসীসকলে তলত পাৰি থোৱা গাদীত পৰেগৈ পত্নী।

পত্নীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেয়েহে তেওঁক লগে লগে নয়ডাৰ সত্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো অভিযোগ বা খবৰ লাভ কৰা নাছিল। পৰৱৰ্তী সময়ত সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ঘটনাটোৰ এক প্ৰতিবেদন প্ৰস্তুত কৰে।

বিজয়নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাবীৰ সিং চৌহানে কয় যে, ফাৰাজ হাছানে তেওঁৰ পত্নী সাদিয়াৰ সৈতে ক্ৰছিং ৰিপাব্লিকৰ চেভিয়াৰ চ’চাইটিৰ নৱম মহলাত ৯০৩ নম্বৰৰ ফ্লেটত বাস কৰে।

মঙলবাৰে সন্ধিয়া কিবা কথাক লৈ দুয়োৰে মাজত হৈছিল বিবাদ। আৰু তেতিয়াই সাদিয়াই নৱম মহলাৰ পৰা জঁপিয়াই দিছিল। অভিযোগ পোৱাৰ পিছত ঘটনা সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button