স্বামীৰ মৃতদেহৰ সন্মুখত লোৱা প্ৰতিজ্ঞা পূৰণ কৰিলে পুলৱামাৰ শ্বহীদৰ পত্নীয়ে!

May 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। প্ৰায় আঢ়ৈ বছৰ সময় লাগিল ঠিকেই! কিন্তু তেওঁ যি শপত লৈছিল, সেই শপত কৰিলে পূৰণ।

অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত হ’লেও স্বামীৰ মৃতদেহৰ সন্মুখত কৰা প্ৰতিজ্ঞা পূৰণ কৰিবলৈ সক্ষম হ’ল তেওঁ।

স্বামীৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ পত্নীয়ে যোগদান কৰিলে সেনাত।

বিভূতি শংকৰ ধৌন্দিয়াল, যিয়ে দেশ মাতৃক ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিছিল। পুলৱামাত শ্বহীদ হৈছিল তেওঁ। তেতিয়াই স্বামীৰ মৃতদেহৰ সন্মুখত শপত লৈছিল পত্নী নিকিতাই যে তেওঁ এদিন ভাৰতীয় সেনাত যোগদান কৰিব। আৰু সেই অনুসৰি শনিবাৰৰ দিনা ভাৰতীয় সেনাত যোগদান কৰে তেওঁ।

চেন্নাইৰ পদাধিকাৰী প্ৰশিক্ষণ একাডেমীত লেফটেনেন্ট জেনেৰেল ৱাই কে যোশীৰ উপস্থিতিত ভাৰতীয় সেনা-বাহিনীত যোগদান কৰে নিকিতাই। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উধমপুৰৰ জন সংযোগ বিষয়াই জানিবলৈ দিয়ে এই কথা।

উল্লেখ্য যে ২০১৮ চনত বিয়া হৈছিল বিভূতি আৰু নিকিতাৰ। বিবাহৰ ৯ মাহৰ পিছতেই মৃত্যু হয় বিভূতিৰ।

পুলৱামাত উগ্ৰপন্থীৰ ধাৰাষাৰ গুলীবৰ্ষণত শ্বহীদ হৈছিল বিভূতি আৰু স্বামীৰ মৃতদেহ ঘৰ পোৱাৰ পিছত মৃতদেহৰ সন্মুখত সেনা-বাহিনীত যোগদান কৰাৰ শপত লৈছিল পত্নী নিকিতাই।

বিগত বৰ্ষত কৰ্মচাৰী নিৰ্বাচন আয়োগ (SSC) ৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছিল নিকিতা। তাৰ পিছতেই চেন্নাইৰ পদাধিকাৰী প্ৰশিক্ষণ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁ।

শনিবাৰে স্বামীৰ দৰেই দেশ মাতৃক সেৱাৰ উদ্দেশ্যে নিকিতাই সেনাৰ লেফটেনেন্ট হিচাপে যোগদান কৰে কৰ্মত।

লগতে চাওকঃ

২৬ ঘণ্টাত এভাৰেষ্ট জয়! বিশ্ব ৰেকৰ্ড গঢ়িলে এগৰাকী শিক্ষয়িত্ৰীয়ে!