স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযােগ তুলি পত্নীৰ এজাহাৰ, তাৰ পাছতে স্বামীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত…

নিউজ ডেস্ক। স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযােগ তুলি পত্নীৰ এজাহাৰ, তাৰ পাছতে স্বামীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত।

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ডাঙৰ কালুবাৰী গাঁৱৰ বাসিন্দা তথা স্থানীয় ট্ৰেভেলাৰ বাহনৰ চালক সমৰ কলিতা(৩৫) নামৰ যুৱকজনৰ আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পাইছে।

জানিব পৰা মতে যুৱকজনৰ পিন্ধা কাপোৰৰ জেপত চুইচাইড নোট’ এখনো উদ্ধাৰ হৈছে।

375 edited
স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযােগ তুলি পত্নীৰ এজাহাৰ, তাৰ পাছতে স্বামীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত... 3

য’ত নিজে চলোৱা বাহনৰ গৰাকীক টকা দুহেজাৰ দিবলৈ বাকী থকা আৰু শেষকৃত্য কৰিবলৈ নগৰবেৰা ড্ৰাইভাৰ সন্থাক অনুৰোধ কৰাৰ কথা আৰু এই অপকৰ্মৰ বাবে ৰাইজৰ পৰা ক্ষমা বিচৰাৰ কথাও উল্লেখ থকা বুলি জানিব পৰা গৈছে।

গাঁৱৰ একাংশ প্ৰতিবেশীৰ মতে পাৰিবাৰিক কাজিয়া সূত্ৰেই যুৱকজনৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি নগৰবেৰা আৰক্ষীত পত্নীয়ে লিখিত অভিযোগ দাখিল কৰিছিল।

তাৰ বাবেই মানসিক অন্তঃদ্বন্দ্বত ভুগিয়েই হয়তো যুৱকজনে আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰা হৈছে।

নিজৰ স্নানাগাৰত চিপ লৈ যুৱকজনে আত্মহত্যা কৰাৰ পৰত পত্নী পিতৃগৃহত থকা বুলিও জানিব পৰা গৈছে।

মৃত্যুৰ কাৰণ যিয়েই নহওক ,সৰবৰহী যুৱক জনৰ মৃত্যুই অঞ্চলজুৰি চাঞ্চল্য বিয়পাইছে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষালৈ প্ৰেৰণৰ দিহা কৰে।

লগতে চাওকঃ

প্ৰসৱৰ সময়ত মহিলাৰ মৃত্যু, চিকিৎসক দম্পতীৰ বিৰুদ্ধে ৰুজু হত্যাৰ গােচৰ আৰু তাৰ পিছত…

G1 50
স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযােগ তুলি পত্নীৰ এজাহাৰ, তাৰ পাছতে স্বামীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত... 4

Leave a Comment