Fri. Jan 15th, 2021

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা! স্বামীৰ বিবাহ বিচ্ছেদৰ জাননীৰ লাভ কৰি মানসিক চাপত ভুগি থকা এগৰাকী মাতৃৰ ভয়ংকৰ কাণ্ড।

অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এটা নিদাৰুণ ঘটনা।

ৰাজ্যখনৰ ৰাজমুন্দ্ৰিত এগৰাকী মহিলা চিকিৎসকে কণমানি পুত্ৰক শ্লিপিং টেবলেট খুৱাই হত্যা কৰাৰ পাছত নিজেও আত্মহত্যা কৰে।

কিয় মহিলা চিকিৎসকগৰাকীয়ে এনে ঘটনা সংঘটিত কৰিলে, তাকে লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি ৩৩ বছৰীয়া চিকিৎসকগৰাকীলৈ স্বামীয়ে বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল।

স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে লাৱণ্যা দোন্থামশেট্টী নামৰ চিকিৎসকগৰাকী মানসিকভাৱে হতাশ হৈ পৰে আৰু নিজৰ কণমানি পুত্ৰক শ্লিপিং টেবলেট খুৱাই হত্যা কৰি নিজেও আত্মহত্যা কৰে।

উল্লেখ্য, লাৱণ্যা আছিল ৰাজমহেন্দ্ৰৱৰমৰ এগৰাকী জনপ্ৰিয় চিকিৎসকৰ কন্যা।

কেইবছৰমান পূৰ্বে লাৱণ্যাৰ বিয়া হৈছিল তেলেংগানাৰ ৱাৰংগলৰ বামছি কৃষ্ণৰ সৈতে।

তেওঁলোকৰ এটা ৭ বছৰীয়া পুত্ৰ সন্তানো আছিল।

কিন্তু তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ভালে যোৱা নাছিল আৰু দুয়ো প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। পাছত লাৱণ্যাই পিতৃৰ গৃহত থাকিবলৈ লৈছিল।

অলপতে স্বামীয়ে তেওঁলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে।ইয়াতে হতাশ হৈ লাৱণ্যাই এই ভয়ংকৰ সিদ্ধান্ত লয় বুলি চৰ্চিত হৈছে।

লগতে চাওকঃ

২০ বছৰত ৪০ বাৰতকৈ অধিক বদলি হৈছে কৰ্ণাটকৰ IPS বিষয়া ডি ৰূপা

ভাগ্য! বিয়া খাবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱকে!

বৰফৰ মাজেৰে কান্ধত তুলি গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিলে ভাৰতীয় সেনা জোৱান

গোহালিৰ পৰা আদালতৰ ন্যায়াধীশৰ পদলৈ এগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনী…