স্বামীক এৰি সন্তানক লগত লৈ সন্ধানহীন ৰূপালী, বিচাৰি হাহাকাৰ স্বামীৰ…

নিউজ ডেস্কঃ মহানগৰীৰ ভাড়াঘৰৰ পৰা বিগত ১৫ দিন ধৰি এগৰাকী মহিলা নিৰুদ্দেশ হৈ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কণমানি কন্যা সন্তানক লগত লৈ সন্ধানহীন হোৱা পত্নীক বিচাৰি হাহাকাৰ কৰিছে স্বামীয়ে।

আনহাতে পৰকীয়া প্ৰেমৰ পৰিণতিতেই পত্নীয়ে এনেদৰে সন্তানক লৈ পলায়ন কৰাৰ সন্দেহ কৰিছে স্বামীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, বকো সমষ্টিৰ মাকেলী গাঁৱৰ বাসিন্দা গণেশ দাসে কৰ্মসূত্ৰে পত্নী ৰূপালী দাস আৰু কন্যাৰ সৈতে বাস কৰে গুৱাহাটীৰ ফটাশিলৰ ভাড়াঘৰত।

কিন্তু যোৱা ১৫ দিন পূৰ্বে ভাড়াঘৰৰ পৰাই কন্যা সন্তানটোসহ সন্ধানহীন হয় পত্নী ৰূপালী দাস।

মোবাইল ফোনত অৰ্জুন কুমাৰ নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ সৈতে ৰূপালী দাসৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বুলি অভিযোগ কৰে তেওঁৰ সৈতে পত্নী পলাই যোৱাৰ সন্দেহ কৰিছে স্বামীয়ে।

পত্নীক বিচাৰি নাপাই অৱশেষত ফটাশিল আমবাৰী আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে স্বামী গণেশ দাসে।

কিন্তু এই পৰ্যন্ত মহিলাগৰাকী বা সন্তানটোৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰিছে গণেশ দাস।