স্বাধীন অসমৰ বাবে নহয়, হতাশাত ভুগিহে আলফাত যোগ দিছে যুৱ প্ৰজন্মইঃ সাংসদ নৱ কুমাৰ শৰণীয়া

নিউজ ডেস্কঃ যুৱ প্ৰজন্মৰ বাবে আলফা স্বাধীনত যোগদান এক অপঘাতী কাৰ্য হ’ব পাৰে। -এই আশংকা কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ।

তামুলপুৰৰ দিঘলীপাৰাত মঙলবাৰে দলৰ মুখ্য কাৰ্যালয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আলফা স্বাধীনৰ শেহতীয়া কাম কাজ আৰু যুৱ প্ৰজন্মৰ মাজত আলফাত যোগদানৰ প্ৰৱণতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে নৱ শৰনীয়াই।

আলফালৈ যোৱাৰ পূৰ্বে যুৱক-যুৱতীসকলে দহবাৰ তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰা উচিত বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে আজিৰ ডেকা ল’ৰা সকলে আলফাৰ সংগ্ৰামী জীৱন বা সংকটপূৰ্ণ জীৱনৰ সৈতে ২৪ ঘণ্টাই তিষ্ঠি থাকিব নোৱাৰিব যেন বোধ হয়। সেইবাবে আলফাত যোগদান তেওঁলোকৰ বাবে অপঘাতী সিদ্ধান্ত হ’ব পাৰে।

পিছত আলফাৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা চলাই তেওঁলোকে আলফাৰ এনিমি ট্ৰেকত পৰিব পাৰে বুলিও মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই।

photo1653024928
স্বাধীন অসমৰ বাবে নহয়, হতাশাত ভুগিহে আলফাত যোগ দিছে যুৱ প্ৰজন্মইঃ সাংসদ নৱ কুমাৰ শৰণীয়া 2

ইফালে আলফা আৰু মন্ত্ৰী সঞ্জয় কিষাণ বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদগৰাকীয়ে কয় যে আলফাৰ বিষয়টো কোনে, কিভাৱে বিশ্লেষণ কৰে সেয়া সকলোৱে দেখিছে। আলফাৰ বিষয়টো যথেষ্ট স্পর্শকাতৰ। আলফাৰ লগত আৱেগিকভাৱে অসমৰ লাখ লাখ মানুহ জড়িত হৈ আছিল। আলফাৰ নেতৃত্বই কৰা ভুলৰ বাবেও তেওঁলোক যথেষ্ট সমালোচিত হৈছে বা আত্মগ্লানিতো ভুগিছে।

তেওঁ লগতে কয়, ‘মই ভাবো ৰাজনীতিবিদসকলে এই বিষয়টোৰ পৰা অলপ দূৰত থকাটোৱেই ভাল।’ আনহাতে চৰকাৰৰ প্ৰতি আহ্বান জনাই সাংসদ গৰাকীয়ে কয়, ‘চৰকাৰে সন্ত্রাসবাদী সমস্যা বা সামাজিক, ৰাজনৈতিক, অর্থনৈতিক সমস্যাক লৈ আলফাৰ লগত এটি ফলপ্রসূ আলোচনা কৰিব লাগে। আমি জনাত এই চৰকাৰখনৰ আলফাৰ প্ৰতি যথেষ্ট আন্তৰিকতা আছিল। এইটোক লৈ আলোচনাত মিলিত হৈ আলোচনা আগবঢ়াই নি অসমৰ সমস্যা সমাধান হ’লে ভাল কথা হ’ব।’

শৰণীয়াই কয় যে ৯০ৰ সময়ত আলফাই এটা ভাল চুক্তি কৰিব পৰা হ’লে এতিয়ালৈ অসমৰ বহু পৰিবৰ্তন সম্ভৱ হ’লহেঁতেন। ২০২২ ৰ পিচলৈ গ’লে অসমৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

ইফালে আলফা গমনৰ প্ৰতি যুৱক-যুৱতীসকলৰ মনত বৃদ্ধি প্ৰৱণতা সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, ‘কোভিড পৰিস্থিতিৰ পিচত বা বিমুদ্ৰাকৰণৰ পিচত ভাৰতবৰ্ষৰ লগতে অসমত অর্থনৈতিক সংকট আহি পৰিছে। শিক্ষিত যুৱক যুৱতীসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। বর্তমান সময়ত সমাজত গোটেই বস্তুবোৰ ৰাজনীতিকৰণ হয় বাবেই পৰিস্থিতি সহ্য কৰিৱ নোৱাৰি হতাশাত ভুগিহে যুৱক-যুৱতীসকলে আলফালৈ গমন কৰিছে।’

তেওঁ লগতে এয়াও কয় যে আজিৰ যুৱক-যুৱতীসকলে স্বাধীন অসম বা প্ৰকৃত মুক্তি সেনানী হিচাপে কাম কৰিবলৈ আলফালৈ যোৱা নাই।

Leave a Comment