স্বাধীনতা দিৱস গ’ল, কিন্তু গাড়ীৰ পৰা ত্ৰিৰংগা নমাবলৈ নহ’ল! সেইবাবেই লখিমপুৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে এই পদক্ষেপ…

নিউজ ডেস্কঃ সোমবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হ’ল ৭৬ সংখ্যক স্বাধীনতা দিৱস। এইবাৰৰ স্বাধীনতা দিৱস কিছু ব্যতিক্ৰম আছিল। কিয়নো এইবাৰ দেশৰ স্বাধীনতা দিৱসৰ ৭৫ বৰ্ষপুতি উপলক্ষ্যে উদযাপন কৰা হয় আজাদী কা অমৃত মহোৎসৱ। যাৰ বাবে এইবাৰ চলোৱা হয় হৰ ঘৰ ত্ৰিৰংগা অভিযানো।

দেশবাসীৰ মনত দেশপ্ৰেম জগাই তোলাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন প্ৰতিষ্ঠান, ঘৰ, বাহন আদিত ত্ৰিৰংগা উত্তোলনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা দেখা যায় দেশবাসীক। ইয়াৰ পৰিণতিত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত ত্ৰিৰংগাৰে উপচি পৰে চৌদিশ।

photo1660654947
স্বাধীনতা দিৱস গ’ল, কিন্তু গাড়ীৰ পৰা ত্ৰিৰংগা নমাবলৈ নহ’ল! সেইবাবেই লখিমপুৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে এই পদক্ষেপ… 4

কিন্তু সমান্তৰাভাৱে এইবাৰ ত্ৰিৰংগাৰ প্ৰতি থকা আৱেগতো প্ৰভাৱ পৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ পূৰ্বেই পতাকা আইন উলংঘা কৰি নিৰ্মাণ কৰা ত্ৰিৰংগা, পতাকাৰ ৰঙৰ বেমেজালি আদিৰ অনেক ফটো-ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

photo1660654948
স্বাধীনতা দিৱস গ’ল, কিন্তু গাড়ীৰ পৰা ত্ৰিৰংগা নমাবলৈ নহ’ল! সেইবাবেই লখিমপুৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে এই পদক্ষেপ… 5

এনে পৰিপ্ৰেক্ষিততে ত্ৰিৰংগাৰ মান যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে লখিমপুৰত মঙলবাৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ। মঙলবাৰে লখিমপুৰৰ ৰাজপথত বাইক, ই-ৰিক্সা, অটো’, ব্যক্তিগত বাহনত লগোৱা ত্ৰিৰংগা নমোৱা পৰিলক্ষিত হয় আৰক্ষীক।

photo1660654948 1
স্বাধীনতা দিৱস গ’ল, কিন্তু গাড়ীৰ পৰা ত্ৰিৰংগা নমাবলৈ নহ’ল! সেইবাবেই লখিমপুৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে এই পদক্ষেপ… 6

উল্লেখ্য যে, দেশৰ পতাকা আইন অনুসৰি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনি সুৰ্যোদয়ৰ পিছত উত্তোলন কৰি সূৰ্যাস্তৰ পূৰ্বে অৱত্তোলন কৰিব লাগে। কিন্তু এইবাৰ বহু লোকেই পতাকা আইনৰ এই নীতি পালন কৰা দেখা নগ’ল। যাৰ বাবে লখিমপুৰ আৰক্ষীয়ে নিজেই বাহন সমূহৰ পৰা পতাকা নমোৱাৰ দায়িত্ব পালন কৰিবলগীয়া হয়।