
নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ জন্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কূটাঘাত!
জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত বিহাৰৰ এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন দুজন আহত হয়।
আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, পুলৱামাৰ গদুৰা গাঁৱত শ্ৰমিক ৰখা এটা টেণ্টত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰে।
তেওঁ জনোৱা মতে, বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন আহত হৈছে।
নিহত শ্ৰমিকজনক বিহাৰৰ ছাকোৱা পাৰ্ছাৰ নিৱাসী মহম্মদ মুমতাজ বুলি চিনাক্ত কৰা হৈছে।
#TerrorIncidentUpdate: The deceased outside labourer has been identified as Mohd Mumtaz S/O Mohd Jaloo R/O Sakwa Parsa, Bihar. Injured have been identified as Mohd Arif S/O Mohd Aziz & Mohd Majbool S/O Mohd Arif, residents of Rampor, Bihar. Both are Stable.@JmuKmrPolice https://t.co/QsrOLX2CMp
— Kashmir Zone Police (@KashmirPolice) August 4, 2022
আনহাতে আহত দুজনক বিহাৰৰে ৰামপোৰৰ বাসিন্দা মহম্মদ আৰু আৰফি আৰু তেওঁৰ পুত্ৰ মহম্মদ মাজবুল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
ঘটনাৰ পিছতে আহত দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই এই আক্ৰমণক গৰিহণা দি কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।