স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।

৭৫সং‌খ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ গৰ্বেৰে দেশবাসীক উদ্বুদ্ধ হ’বলৈ আহ্বান কোবিন্দৰ।

ভাষণত বিগত সময়ছোৱাত দেশৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰে ৰাষ্ট্ৰপতি কোবিন্দে।

ভাষণত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

তেওঁ কয়- বিশ্বই ভাৰতৰ অলৌকিকতাৰ ওপৰত দৃষ্টি ৰাখিছে। মহামাৰীৰ তীব্ৰতা হ্ৰাস পাইছ কিন্তু কোভিড এতিয়াও আঁতৰি যোৱা নাই। আমি এতিয়াও চলিত বছৰত ক’ভিডে সৃষ্টি কৰা বিধ্বংসী প্ৰভাৱৰ পৰা ওলাই আহিবলৈ বাকী আছে।

লগতে টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে দেখুওৱা প্ৰদৰ্শন আৰু ১২১ বছৰৰ ভিতৰত ভাৰতে সৰ্বাধিক পদক লাভৰ কথাও উল্লেখ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে।

সমগ্ৰ দেশ তেওঁলোকৰ প্ৰদৰ্শনত গৌৰৱান্বিত বুলিও মন্তব্য ৰাষ্ট্রপতিৰ।

Leave a Comment