fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

স্বাধীনতা দিৱসৰ পেৰেডৰ সময়তে নিৰ্বিচাৰ গুলীবৰ্ষণ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ! নিহত ৬, আহত কমেও ৩০ জন

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ পেৰেডৰ সময়ত চিকাগোৰ উপকণ্ঠ অঞ্চল হাইলেণ্ড পাৰ্কৰ সমীপত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে আহত হয় ৩০ৰো অধিক জন।

সোমবাৰে সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছতে আৰক্ষীয়ে এজন ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, চিকাগোৰ ওচৰৰ এটা ঘাইপথত গাড়ী চলোৱা দেখা পোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, সোমবাৰে স্বাধীনতা দিৱসৰ পেৰেড চলি থকাৰ সময়তে চিকাগোৰ হাইলেণ্ড পাৰ্কত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত পেৰেডস্থলীত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

image 41

হাইলেণ্ড পাৰ্কৰ মেয়ৰ নেন্সি ৰটাৰিঙে প্ৰকাশ কৰা মতে, এই গুলীচালনাৰ ঘটনাত ৬ জনৰ থিতাতে মৃত্যু ঘটাৰ লগতে ৩০ৰো অধিক জন কম-বেছি পৰিমাণে আহত হয়। পৰৱৰ্তী সময়ত আহত সকলক নিকতৱৰ্তী কেইবাখনো হাস্পতালত ভৰ্তি কৰোৱা হয়।

image 40

টাস্ক ফ’ৰ্চৰ মুখপাত্ৰ কভেলিয়ে জনোৱা মতে, বন্দুকধাৰীয়ে এখন ছাদৰ ওপৰত লুকাই থকা স্থানৰ পৰা পেৰেডলৈ যোৱা লোকসকলৰ ওপৰত গুলীচালনা কৰে। অৱশ্যে এই গুলীচালনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে এই নিৰ্বিচাৰ গুলীবৰ্ষণকাণ্ডৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰি তদন্ত চলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!