স্বাধীনতা দিৱসৰ দুদিন আগৰে পৰাই ঘৰত উত্তোলন কৰক জাতীয় পতাকাঃ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

নিউজ ডেস্কঃ ভাৰতৰ ৭৫তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী হাতত ল’বলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

শুকুৰবাৰে তেওঁ টুইটাৰ যোগে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈকে নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰি ৰাখিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ২২ জুলাইৰ দিনটোতে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা বাছনি কৰা হৈছিল। এই ঐতিহাসিক দিনতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ দুদিন পূৰ্বৰে পৰাই ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনায়।

টুইটাৰত প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছে, “আজি, ২২ জুলাইৰ দিনটো আমাৰ ইতিহাসত বিশেষ গুৰুত্বপূৰ্ণ দিন। ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ জাতীয় পতাকা বাছনি কৰা হৈছিল। মই ইতিহাসৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য সকলোৰে সৈতে ভাগ বতৰা কৰিছো। ইয়াৰ ভিতৰত আছে সমিতিৰ সদস্যসকলৰ পৰিচয়ৰ পৰা আৰম্ভ কৰি পণ্ডিত নেহৰুৱে প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰাৰ মুহূৰ্তলৈকে।”

আন এটা পোষ্ট যোগে প্ৰধানমন্ত্ৰীয়ে লিখিছে, “আমি এই বছৰটোক ‘আজাদী কা অমৃত মহোৎসৱ’ হিচাপে চিহ্নিত কৰিছো। আহক আমি এই উপলক্ষে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ অভিযানৰ জৰিয়তে আমাৰ বান্ধোন অধিক শক্তিশালী কৰোঁ। ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰক। ফলস্বৰূপে, আমাৰ সৈতে ৰাষ্ট্ৰীয় পতাকাৰ সম্বন্ধ আৰু নিবিড় হ’ব।”

উল্লেখযোগ্য যে মোদী চৰকাৰে সেই তিনিদিনত চৰকাৰী ভৱন, স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয়, ৰেষ্টুৰেণ্ট, শ্বপিং মল, আৰক্ষী থানাকে ধৰি বহুটো স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰিকল্পনা কৰিছে।

ইয়াৰ উপৰিও ত্ৰিৰংগাৰ ছবি সকলো চৰকাৰী ৱেবছাইটত সংলগ্ন কৰা হৈছে। লগতে সাধাৰণ নাগৰিক সকলকো সামাজিক মাধ্যমত ৰাষ্ট্ৰীয় পতাকাৰ ফটো প্ৰফাইল ফটো হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হ’ব বুলিও জানিব পৰা গৈছে।