স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা আলফা(স্বাঃ)ৰ…

স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টৰ দিনা অসম বন্ধ ঘোষণা আলফা(স্বাঃ)ৰ।

লগতে সকলোকে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে।

১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে সংগঠনটোৱে।

আলফা(স্বা), এন এছ চি এন আৰু জি পি আৰ এনে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে।

অৱশ্যে, জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

উল্লেখ্য যে, যোৱা বছৰত আলফা(স্বা)য়ে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল।