স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে মুকলি কৰিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী…

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে মুকলি কৰিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী।
আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে কিছুমান বিশেষ শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তি ক্ষমা কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।
সেই অনুসৰি ১৫ আগষ্টৰ পৰা মুক্তিৰ বাবে যোগ্য কয়দীৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে।
অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে, ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষীক তেওঁলোকৰ মুঠ শাস্তিৰ সময়সীমাৰ ৫০ শতাংশ সম্পূৰ্ণ কৰিলে মুকলি কৰি দিয়া হ’ব।
পুৰুষ দোষীৰ ক্ষেত্ৰত শাস্তি ক্ষমা কৰাৰ বাবে নূন্যতম বয়স ৬০ বছৰ।
আনহাতে, শাৰীৰিকভাৱে ৭০ শতাংশ অক্ষমতা বা তাতকৈ অধিক অক্ষমতা থকা বুলি মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ দিয়া দোষীসকলকো মুকলি কৰি দিয়া হ’ব। তেওঁলোকৰ শাস্তিৰ সময়সীমাও ৫০ শতাংশ সম্পূৰ্ণ কৰিব লাগিব।
ইয়াৰ লগতে গুৰুতৰ ৰোগত ভোগা দোষীক মুকলি কৰি দিয়াৰ কোনো চৰ্ত ৰখা হোৱা নাই।
যিসকল দৰিদ্ৰ কয়দী, যিয়ে নিজৰ শাস্তি সম্পূৰ্ণ কৰিছে কিন্তু তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে, আৰু যিসকল ব্যক্তিয়ে কম বয়সতে অপৰাধ সংঘটিত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক কাৰ্যত জড়িত নাছিল বা কোনো গোচৰ ৰুজু হোৱা নাই তেওঁলোক শাস্তি ক্ষমাৰ বাবে যোগ্য বিবেচনা কৰা হ’ব।
গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰদান কৰা তথ্য অনুসৰি নিৰ্দিষ্ট কৰা শ্ৰেণীত কোনো মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষী নাই।
আনহাতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ পাঁচজন পুৰুষ কয়দীৰ শাস্তিৰ কমেও ৬৫% সম্পূৰ্ণ হৈছে।
উল্লেখ্য যে, অসমৰ কাৰাগাৰসমূহত ১২ জন দোষী আছে, যিয়ে তেওঁলোকৰ শাস্তিৰ সময়সীমাৰ ৬৬ শতাংশ সম্পূৰ্ণ কৰিছে।