স্বাধীনতাৰ ৭২ বছৰৰ পিছত  দুখন গাৱঁত বিদ্যুতৰ পোহৰ!

স্বাধীনতাৰ ৭২ বছৰৰ পিছত দুখন গাৱঁত বিদ্যুতৰ পোহৰ!

July 9, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ ৰাতুল দেৱ। স্বাধীনতাৰ ৭২ বছৰৰ পিছত বঙাইগাঁৱৰ দুখন গাৱঁত জ্বলিল বিদ্যুতৰ পোহৰ ৷ সাধাৰণ গাৱঁলীয়া ৰাইজৰ মাজত আনন্দৰ লহৰ ৷

হেঁপাহৰ বিদ্যুতৰ পোহৰ পাই গাৱঁৰ মহিলাৰ মুখত জিলিকিছে হাঁহি ৷ দেশ স্বাধীন হোৱা ৭২ বছৰ হ’ল ৷ বঙাইগাৱঁৰ চহৰৰ পৰা চাৰি কিলোমিটাৰ দূৰৰ দূখন গাঁও ৷

BANGAIGAON

BANGAIGAON

Posted by NEWS8 Northeast on Thursday, July 9, 2020

ইমান বছৰে গাৱঁত নাছিত বিদ্যুৎ সংযোগ ৷ ৰাইজৰ একমাত্ৰ ভৰষা কেৰাচিন তেলৰ চাকি-লেমৰ পোহৰ ৷

BANGAIGAON

BANGAIGAON

Posted by NEWS8 Northeast on Thursday, July 9, 2020

কেৰাচিনৰ অভাৱত কেতিয়াবা আন্ধাৰত পাৰ কৰিব লগা হৈছিল গাৱঁৰ লোক সকল ৷

বঙাইগাঁও বিধান সভা সমষ্টিৰ তথা চাপাৰাকাটা গাঁও পঞ্চায়তৰ এই দুখন গাঁও হ’ল চিটকাগাঁও,(শালবাৰী) আৰু ভাওৰীয়াকাটা ৷

BANGAIGAON

BANGAIGAON

Posted by NEWS8 Northeast on Thursday, July 9, 2020

যুগ যুগ ধৰি গাৱঁৰ সাধাৰণ ৰাইজে বিদ্যুতৰ পোহৰ নেদেখাকৈ পাৰ কৰিলে গাৱঁত ৷

বিদ্যুত যোগানৰ বাবে বহু কাকুতি-মিনতি কৰিলে বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰিলে ৷ আৰু শেষত আজি ডিজিটেল যুগৰ এই সময়ত গাৱঁত আহিল বিদ্যুতৰ যোগান ৷

BANGAIGAON

BANGAIGAON

Posted by NEWS8 Northeast on Thursday, July 9, 2020

আজি জ্বলি উঠিল লাইট ৷ ঘৰে ঘৰে জ্বলিছে বিদ্যুত বিভাগে যোগান ধৰা পোহৰ ৷ বঙাইগাঁও বিদ্যুত সংমণ্ডলৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ আচঁনিত অধীনত বঙাইগাঁও জিলাৰ এই দুখন গাৱঁত জ্বলিল পোহৰ ৷