অসম

স্বাধীনতাৰ অমৃত মহোৎসৱ! বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন…

বুধবাৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবেই অনুষ্ঠিত হ’ব এদিনীয়া অধিৱেশন।

বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশন সন্ধিয়া ৭ বজাত সামৰণি পৰিব।

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে। এবছৰ ধৰি উদযাপন হোৱা আজাদি কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভতে অধিৱেশনত আলোচনা কৰা হ’ব।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব।

ইয়াৰোপৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও এই অধিৱেশনত স্থান লাভ কৰিব।

অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’ব এই বিশেষ অধিৱেশন।

Related Articles

Back to top button