অসম

স্বগৃহলৈ স্বৰ্ণকন্যা, গায়নে বায়নে আদৰিলে স্বৰ্ণ জয়েৰে ইতিহাস সৃষ্টি কৰা নয়নমণি শইকীয়াক…

স্বগৃহত উপস্থিত স্বৰ্ণকন্যা নয়নমণি শইকীয়া।

গায়নে বায়নে আদৰিলে স্বৰ্ণ জয়েৰে ইতিহাস সৃষ্টি কৰা নয়নমণি শইকীয়াক।

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে লনবল খেলুৱৈ নয়নমণি শইকীয়াই প্ৰথম বাৰলৈ গৃহ জিলাত উপস্থিত হোৱাত ৰাইজৰ মাজত উচ্ছাহ-উদ্দিপনা দেখিবলৈ পোৱা গৈছে।

খেলুৱৈ গৰাকীক ধনশিৰী মহকুমাৰ প্ৰৱেশ পথাৰ পৰাই আদৰি আনি সৰুপথাৰ মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

খেলুৱৈ গৰাকীক গায়ন-বায়নেৰে আদৰণি জনোৱা হয়।

স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে খেলুৱৈ গৰাকীক।

নিজৰ জিলা খনত উপস্থিত হৈ খেলুৱৈ গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।

তেওঁ কয় যে, মই যথেষ্ট সুখি। সকলো ধনশিৰীবাসীক ধন্যবাদ দিছো মোক ইমান মৰম দিয়াৰ বাবে।

Related Articles

Back to top button