স্বগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে সুখৰে এসাঁজ খালে বজ্ৰকন্যা লাভলীনাই…

মঙলবাৰে স্বগৃহত উপস্থিত হয় দেশৰ গৌৰৱ অসম কন্যা লাভলীনা বৰগোহাঁই।

মাত্ৰ এনিশা কটাবলৈ গোলাঘাট জিলাৰ বৰপথাৰৰ নিজ গাঁও বাৰমুখীয়াত উপস্থিত হয় লাভলীনা।

Image

অলিম্পিকত পদক অৰ্জনৰ পিছত প্ৰথমবাৰলৈ আপোন ঘৰখনত উপস্থিত হয় তেওঁ।

মাত্ৰ কেইটামান ঘণ্টাৰ বাবে বৰপথাৰৰ বাসগৃহলৈ অহাৰ পিছতে লাভলীনাক লৈ ব্যস্ত হৈ পৰে গাঁওবাসী, আত্মীয়–স্বজন তথা পৰিয়াল।

সকলোৱে তেওঁৰ বাবে আয়োজন কৰে এসাঁজ অসমীয়া আহাৰ।

বহুদিন বাহিৰত থকাৰ পিছত এসাঁজ অসমীয়া খাদ্যৰ সোৱাদ লোৱাৰ বাবে ইচ্ছা কৰি থকা লাভলীনাই মাতৃৰ সৈতে পৰম তৃপ্তিৰে গ্ৰহণ কৰে নৈশ আহাৰ।

আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব লাভলীনাই।

 অসমৰ গৌৰৱ লাভলীনাই মাত্ৰ এনিশা কটাব বাৰমুখীয়াৰ গাঁৱৰ ঘৰত। গতিকে সকলোৱে তেওঁৰ বাবে আয়োজন কৰে এসাঁজ অসমীয়া আহাৰ। নিজৰ ঘৰখনত মাতৃৰ সৈতে গ্ৰহণ কৰে তেওঁ নৈশ আহাৰ।

Leave a Comment