অসম

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, থাকিব লাগিব এই সমূহ সুবিধা…

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা।

শিক্ষাৰ্থী কঢ়িওৱা সৰু সৰু বাহনেও পালন কৰিব লাগিব কেইবাটাও নতুন নিৰ্দেশনা।

সেই অনুসৰি এতিয়াৰে পৰা সকলো স্কুল বাছ হালধীয়া ৰঙৰ হোৱাৰ উপৰিও এই বাছসমূহত চিচি কেমেৰা, জি পি এছ, ছাইৰেন আদিৰ ব্যৱস্থা কৰিব লাগিব।

লগতে প্ৰতিখন স্কুল বাছত পুৰুষ পৰিচাৰিকাৰ বাহিৰেও এগৰাকী মহিলা পৰিচাৰিকা থাকিব লাগিব। লগতে চালকসকলৰ অভিজ্ঞতা পাঁচ বছৰতকৈ অধিক হ’ব লাগিব।

ইফালে, বাছৰ গতি সীমা প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া ইয়াৰ সীমা ৪০ কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়াৰ সময়ত বাছসমূহে আন কোনো বাহন অভাৰটেক কৰিব নোৱাৰিব।

বাহনখনৰ নম্বৰপ্লেটো হালধীয়া ৰঙৰে হ’ব লাগিব।

এই নিয়মৰ উলংঘন কৰা স্কুল কৰ্তৃপক্ষক জৰিমণা বিহিব লাগিব।

ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বহুকেইখন ব্যক্তিগত স্কুলৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়।

কামৰূপ মহানগৰ  জিলা পৰিবহণ বিভাগৰ কাৰ্যলয়ত অনুষ্ঠিত হোৱা এক আলোচনাত ন্যায়ালয়ৰ নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে এই নিয়মসমূহ পালন কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

উল্লেখ্য যে গুৱাহাটী মহানগৰতে প্ৰায় ১২০০ স্কুল বাছ আছে।

Related Articles

Back to top button