স্কুল পৰিদৰ্শকৰ অনুমতি অবিহনে প্ৰধান শিক্ষকে নিজৰ খেয়ালখুচি মতে ছুটী বা বন্ধ দিব নোৱাৰিব বিদ্যালয়ঃ শিক্ষামন্ত্ৰী

নিউজ ডেস্ক। এতিয়াৰে পৰা নিজৰ খেয়ালখুচি মতে কোনো প্ৰধান শিক্ষকে সোনকালে ছুটী দিব নোৱাৰিব বিদ্যালয়।

-এই কঠোৰ সকীয়নী ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ।

নিজৰ ইচ্ছামতে বিদ্যালয় ছুটী বা বন্ধ দিয়া প্ৰধান শিক্ষকক সকীয়নী প্ৰদান কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰে পৰা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অনুমতি লৈহে প্ৰধান শিক্ষকে বিদ্যালয় সোনকালে ছুটী বা বন্ধ দিব পাৰিব।

মঙ্গলবাৰে শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয় যোগ দিৱসৰ অজুহাতত ১২ বজাতে ছুটী দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে প্ৰধান শিক্ষকে নিজাববীয়াকৈ স্কুল ছুটী দি সোনকালে ঘৰলৈ যোৱাটো এটা অপৰাধ।

এনে ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়, “যিহেতু বিদ্যালয়ৰ শিক্ষক সকলো চৰকাৰী কৰ্মচাৰী, গতিকে নিজৰ খেয়ালখুচি মতে তেওঁলোকে বিদ্যালয় ছুটী বা বন্ধ দি ঘৰলৈ যাব নোৱাৰে। এইটো এটা ডাঙৰ অপৰাধ। বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষই বিদ্যালয় বন্ধ বা ছুটী দিবলৈ হলে স্কুল পৰিদৰ্শকৰ অনুমতি লব লাগিব।”