স্কুল ছুটিৰ পাছত ঘৰলৈ আহি থাকোতেই ডাম্পাৰে মহতিয়ালে কণমানি ইমদাদুলক…

এক শোকাৱ পথ দুৰ্ঘটনা।
বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহি থাকোতেই ডাম্পাৰে মহতিয়াই নিলে এটি কণমানিক।
নাৰায়ণপুৰৰ য’খৰীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
গুৰু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত অধ্যয়ণৰত ইমদাদুল ইছলাম নামৰ ছাত্ৰজন বায়েকৰ সৈতে বিদ্যালয়ৰ পৰা ঘৰমুখে আহি থাকাৰ মহতিয়াই নিলে এখন তীব্ৰবেগী ডাম্পাৰে।
নাৰায়ণপুৰৰ য’খৰীয়াৰ তাঁতিবাহাৰ-ৰঙতি পথত AS 22 C 6698 নম্বৰৰ ডাম্পাৰ খনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰি ডাম্পাৰ এৰি চালকজনে পলায়ন কৰে।
মূমুৰ্ষ অৱস্থাত ছাত্ৰজনক নিকট হাস্পতাললৈ নিয়ে যদিও পাছত উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷
অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি পথটোত একাংশ ডাম্পাৰৰ দৌৰাত্ম্যত যাতায়ত কৰিব নোৱাৰা অৱস্থা পথাচাৰীৰ৷
যাৰ বাবে দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় ৰাইজ৷
ডাম্পাৰ চলাচল এই পথত বন্ধ কৰাৰো দাবী তুলিছে ৰাইজে।