স্কুটীৰ সন্মুখত শিশুক বহুৱাই ইঞ্জিন বন্ধ নকৰাৰ ভয়ংকৰ পৰিনাম! ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ স্কুটীৰ সন্মুখত শিশুক বহুৱাই ইঞ্জিন বন্ধ নকৰাৰ ভয়ংকৰ পৰিনাম।

শিশুটিয়ে স্কুটীৰ এক্সলেটৰ পকাওতেই সংঘটিত হ’ল দুৰ্ঘটনা।

যাৰ ফলত গুৰুতৰভাৱে আহত হ’ল শিশুটিৰ লগতে পিছফালে বহি থকা পিতৃও।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ সিন্ধদূৰ্গত।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এটা ঘৰৰ সন্মুখত স্কুটীৰ ওপৰত বহি আছে এজন ব্যক্তি।

ব্যক্তিজনৰ সৈতে স্কুটীৰ সন্মুখত বহি আহিছে এটি কণমানি শিশুও।

তেতিয়াই এগৰাকী মহিলাই আহি ব্যক্তিজনৰ হাতত কিবা এক বস্তু দিয়ে।

ব্যক্তিজনে মহিলাগৰাকীৰ পৰা বস্তুটো ল’ব খোজতেই শিশুটিয়ে স্কুটীৰ এক্সলেটৰ পকাই দিয়াত স্কুটীখন চলিবলৈ লয় আৰু বাগৰি পৰে।

ইফালে ব্যক্তিজন আৰু শিশুটিক স্কুটীসহ বাগৰি পৰা দেখি তাতাতৈয়াকৈ আন লোক উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে।

শিশুক সন্মুখত বহুৱাই স্কুটীৰ ইঞ্জিন বন্ধ নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।