
নিউজ ডেস্ক। ৰাজ্যত পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই সংঘটিত হ’ল পথ দুৰ্ঘটনা।
এইবাৰ ঘটনাৰ স্থান নলবাৰী।
ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটী আৰােহী চিকিৎসাকৰ্মী আজিজা বেগম।
জানিব পৰা মতে, সদ্য বিবাহিত আজিজা বেগম নলবাৰীৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাকৰ্মী।
ঘটনাৰ বিৱৰণী অনুসৰি, নিজৰ AS 14 M8948 নম্বৰৰ স্কুটীৰে নলবাৰীৰ নিৰ্মীয়মান মেডিকেল কলেজলৈ গৈ থকা অৱস্থাত নলবাৰীৰ হৰিমন্দিৰৰ সমীপত AS-01-DD-1056 নম্বৰৰ ডাম্পাৰখনৰ সৈতে স্কুটীৰ সংঘৰ্ষ হয়।
ইতিমধ্যে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন স্থানীয় ৰাইজে জব্দ কৰাৰ লগতে গুৰুতৰভাৱে আহত আজিজা বেগমক GMCHলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে নলবাৰীৰ বনগাঁৱৰ আজিজা বেগমৰ মাত্ৰ এমাহ পূৰ্বে বিল্লেশ্বৰ আদেহা কৰ্মীপাৰাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।