অসম

সোপাধৰা’ৰ উৰাবাতৰি বিয়পাই আৰক্ষীৰ জালত যুৱকসহ মহিলা…

সোপাধৰা’ৰ উৰাবাতৰি বিয়পাই আৰক্ষীৰ জালত যুৱকসহ মহিলা।

লংকাৰ কাকীত সোপাধৰাৰ উৰাবাতৰি বিয়পাই আটক যুৱকসহ মহিলা।

কাকী আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম খাইৰুল ইছলাম।

আৰনহাতে মহিলাগৰাকী মমতা বেগম বুলি জানিব পৰা গৈছে।

আটকাধীন দুয়োজনৰে ঘৰ কাকীৰ ২নং টঙিয়াত।

উল্লেখ্য যে, সোপাধৰাকলৈ খাইৰুল ইছলামে সামাজিক মাধ্যমত লিখি উলিয়াইছিল এটি কবিতা।

উক্ত কবিতাতো শ্বেয়াৰ কৰিছিল মমতা বেগম নামৰ মহিলাগৰাকীয়ে।

ইতিমধ্যে আৰক্ষীয়ে অভিযান চলায় আটক কৰিছে দুয়োজনকে।

Related Articles

Back to top button