সোণালী শৈশৱঃ এটা ছাটিৰ তলত সোমাই বিদ্যালয়লৈ খোজ ৬ শিশুৰ, ভিডিঅ’ দেখি আপুনিও হৈ পৰিব নষ্টালজিক

নিউজ ডেস্কঃ বৰষুণৰ দিনত খোজকাঢ়ি বিদ্যালয়লৈ যোৱাৰ কথা আপোনাৰ নিশ্চয় মনত আছে। কচুপাত এটা মুৰত লৈ নাইবা কাগজৰ নাও সাজি ওমলা শৈশৱৰ দিনবোৰৰ কথা আপোনাৰ নিশ্চয় মনত আছে।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ই আপোনাক মনত পেলাই দিব পুৰণি দিনৰ সেই স্মৃতি।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া আৱনীশ শৰণে টুইটাৰযোগে এটা ক্লিপ শ্বেয়াৰ কৰিছে য’ত কেইটামান শিশুয়ে বিদ্যালয়লৈ যোৱাৰ পথত বৰষুণ অহাৰ বাবে এটা ছাটিৰ তলতে সোমাই পৰিছে।

এটা ছাটিৰ তলতে সোমাই ৬টা শিশুয়ে আনন্দমনে পাৰ কৰিছে পথছোৱা। কোনো অভিযোগবিহীনভাৱে উপভোগ কৰিছে বৰষুণজাক।

নিস্বাৰ্থ বন্ধুত্ব আৰু নিৰ্মল শৈশৱৰ বাৰ্তাবাহক এই ‌ভাইৰেল ভিডিঅ’টোৱে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলক নষ্টালজিক কৰি তুলিছে।

টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছত এতিয়লৈকে ১.২ নিযুতৰো অধিক দৰ্শকে উপভোগ কৰিছে ভিডিঅ’টো। বহু নেট ব্যৱহাৰকাৰীয়ে নিজৰ শৈশৱক ৰোমন্থন কৰি আবেগিক হৈ পৰিছে।

1 thought on “সোণালী শৈশৱঃ এটা ছাটিৰ তলত সোমাই বিদ্যালয়লৈ খোজ ৬ শিশুৰ, ভিডিঅ’ দেখি আপুনিও হৈ পৰিব নষ্টালজিক”

Comments are closed.