fbpx
অসম

সেনা শিবিৰত অঘটন! বন্যহস্তিৰ আক্ৰমণত মৃত্যুক সাৱটিলে এগৰাকী সেনা জোৱানে…

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।

এইবাৰ গুৱাহাটীৰ সাতগাঁও সেনা শিবিৰত অঘটন।

বন্যহস্তিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী সেনা জোৱানে।

মৃত জোৱানজন ডিমাপুৰৰ খামলিয়ং খাপ।

কৰ্তব্যৰত অৱস্থাত সন্ধিয়া হাতীৰ আক্ৰমণত জোৱানজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

লগে লগে জোৱানজনক বশিষ্ঠৰ সেনাৰ হাস্পতালত লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

DSCৰ এৰিয়া ২২২ত কৰ্মৰত আছিল সেনা জোৱানজন।

উল্লেখ্য যে, বিগত দিনকেইটাত নাৰেংগী সেনা শিবিৰত ২৪ ঘন্টাই বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰি আহিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!