অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সেনা আৰক্ষীৰ সৈতে আলফা স্বাধীনৰ সদস্যৰ গুলীয়াগুলী।
কাকপথাৰৰ দপথাৰ গাঁৱৰ নিৱাসী ভোলা চাংমাইৰ ঘৰত বাহৰ পাতি থকা ছয়জনীয়া আলফা স্বাধীনৰ সদস্য আৰু সেনা-আৰক্ষীৰ মাজত প্ৰায় ১৫-২০ মিনিট গুলীয়াগুলী হোৱাৰ লগতে গ্ৰেনেড বিস্ফোৰণো হৈছিল৷

এই ঘটনাত আলফা স্বাধীনৰ সদস্য জ্ঞান অসম ওৰফে সন্তোষ গগৈ নিহত হয়৷
নিহত হোৱা আলফা স্বাধীনৰ সদস্য জ্ঞান অসমক অমৰ মৃতক ঘোষণা কৰে আলফা স্বাধীনে।

সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসম আৰু নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসমৰ স্বাক্ষৰিত এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে আলফা স্বাধীনে।
বিবৃতিটোত উল্লেখ কৰে যে, প্ৰকৃত বিপ্লৱীৰ বাবে আত্মসমৰ্পণতকৈ ডাঙৰ গ্লানি একো থাকিব নোৱাৰে৷ তেনে গ্লানিৰ ওচৰত শিৰণত নকৰি ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ৰ বিৰুদ্ধে ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীয়ে চলোৱা সামৰিক অভিযানত প্ৰকৃত বিপ্লৱীৰ চূড়ান্ত নিদৰ্শন দাঙি; গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰা লেফটেনেণ্ট [মৰণোত্তৰ] জ্ঞান অসম ওৰফে সন্তোষ গগৈক ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনৰ তৰফৰ পৰা ‘অমৰ মৃতক’ ঘোষণা কৰা হ’ল৷

অসমৰ সন্মিলিত স্বাধীনতাৰ জাতীয় মুক্তি বিপ্লৱৰ তেজে ধোৱা পথত তেওঁৰ অৱদান আৰু আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব৷ আমি ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনে অমৰ মৃতক ‘দ্বিতীয় লেফটেনেণ্ট [মৰণোত্তৰ] জ্ঞান অসম’ৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁৰ সৰ্বোচ্ছ ত্যাগ অথলে যাবলৈ নিদিয়াৰ দৃঢ় সংকল্প পুনৰ ব্যক্ত কৰিলোঁ৷