সেনাৰ হাস্পতালৰ ভিতৰত বন্যহস্তীৰ মুক্ত বিচৰণ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ হাস্পতালৰ ভিতৰত হাতীৰ প্ৰৱেশক লৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় জলপাইগুৰিৰ বিন্নাগুৰিস্থিত সেনা চাউনী হাস্পতালত।

জানিব পৰা মতে, অৰণ্যৰ দাঁতিত অৱস্থিত সেনা চাউনী হাস্পতালৰ ভিতৰত প্ৰৱেশ কৰে তিনিটাকৈ বন্যহস্তীয়ে।

photo1662371551
সেনাৰ হাস্পতালৰ ভিতৰত বন্যহস্তীৰ মুক্ত বিচৰণ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’… 3

ইতিমধ্যে সামাজিক ভিতৰত চিকিৎসালয়ৰ কৰিড’ৰত হাতীৰ মুক্ত বিচৰণৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

photo1662371557
সেনাৰ হাস্পতালৰ ভিতৰত বন্যহস্তীৰ মুক্ত বিচৰণ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’… 4

বাতৰি অনুসৰি, চিকিৎসালয়ৰ ভিতৰত হাতী কেইটা প্ৰত্যক্ষ কৰি চিকিৎসক-কৰ্মচাৰী সকলোৱে হাতী কেইটা খেদিবলৈ বহু সময় ধৰি চেষ্টা চলায়।

কিন্তু দীৰ্ঘ সময় চেষ্টাৰ পিছতো হাতী কেইটা হাস্পতালৰ পৰা ওলাই নোযোৱাত অৱশেষত বন বিভাগক খবৰ দিয়া হাস্পতাল কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই হাস্পতালত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, পূৰ্বেও এনেদৰে অৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীয়ে সেনা চাউনী হাস্পতালখনৰ কেইবাবাৰো ক্ষতিসাধন কৰিছিল।