সেনাৰ পোছাক পৰিধান কৰি লাখ লাখ টকাৰ প্ৰৱঞ্চনা! অৱশেষত গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ ভুৱা কেপ্তেইন অংকিত মিশ্ৰ…

নিউজ ডেস্কঃ ভাৰতীয় সেনাৰ পোছাক পিন্ধি নিজকে কেপ্তেইন বুলি পৰিচয় দি চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰা এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ এছটিএফ বাহিনীয়ে।

সামৰিক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুধবাৰে এছটিএফে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অংকিত মিশ্ৰ নামৰ প্ৰৱঞ্চকজনক।

এছটিএফৰ উপ-অধীক্ষক দীপক কুমাৰ সিঙে জানিবলৈ দিয়া মতে, সেনা নিযুক্তিৰ নামত জালিয়াতিৰ তথ্য লাভ কৰাৰ পিছতে প্ৰৱঞ্চকৰ সন্ধান উলিয়াবলৈ এটা দল গঠন কৰে এছটিএফে।

image 120
সেনাৰ পোছাক পৰিধান কৰি লাখ লাখ টকাৰ প্ৰৱঞ্চনা! অৱশেষত গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ ভুৱা কেপ্তেইন অংকিত মিশ্ৰ… 3

তাৰ পিছতে বুধবাৰে পিজিআই হাস্পতালৰ সমীপৰ পইণ্ট দীন দয়াল উপাধ্যায় পাৰ্কত গ্ৰেপ্তাৰ কৰা হয় সেনাৰ পোছাক পৰিহিত যুৱকজনক।

ধৃত অংকিত মিশ্ৰৰ ঘৰ চুলতানপুৰৰ তিৱাৰীপুৰত বুলি জানিব পৰা গৈছে। যুৱকজনৰ সৈতে এই প্ৰৱঞ্চনাত আন কোনো জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।

এছটিএফৰ জেৰাৰ সময়ত অংকিত মিশ্ৰই কয় যে তেওঁ সেনাৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধি সেনা নিযুক্তি কাৰ্যালয়ৰ বাহিৰত ঘূৰি ফুৰে।

image 121
সেনাৰ পোছাক পৰিধান কৰি লাখ লাখ টকাৰ প্ৰৱঞ্চনা! অৱশেষত গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ ভুৱা কেপ্তেইন অংকিত মিশ্ৰ… 4

য’ত ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন পদত চাকৰিৰ প্ৰদানৰ প্ৰলোভন দি নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন লয়।

অভিযুক্তই স্বীকাৰ কৰা মতে, সান্তকবীৰ নগৰৰ বাসিন্দা বালিৰাম আৰু ইটা বাসিন্দা ৰাহুলক সেনা নায়ক পদত নিযুক্তিৰ নামত তেওঁ ৫ লাখ টকাকৈ দাবী কৰিছিল।

ইতিমধ্যে দুয়োজন যুৱকে তেওঁক প্ৰদান কৰিছিল ৪.৪০ লাখ টকা।

আনহাতে বাকী ৬.৬০ লাখ টকা ল’বৰ বাবে বুধবাৰে পাৰ্কত অপেক্ষা কৰি থাকোতেই এছটিএফে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।

প্ৰৱঞ্চক অংকিত মিশ্ৰই লগতে কয় যে সেনাবাহিনীৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধিলে মানুহে সন্দেহ নকৰে। পূৰ্বে টোল টেক্সৰ পৰা হাত সাৰিবলৈ সেনাৰ পোছাক পৰিধান কৰিছিল বুলিও স্বীকাৰ কৰে ধৃত প্ৰৱঞ্চকজনে।