সুৰা নিষিদ্ধ বিহাৰত পুনৰ সুৰাপান কৰি মৃত্যু ৮ জনৰ! মন্ত্ৰীয়ে ক’লে- এনে সৰু-সুৰা ঘটনা ঘটিয়েই থাকে…

নিউজ ডেস্কঃ সুৰা নিষিদ্ধ বিহাৰত পুনৰ বিষাক্ত সুৰা পান কৰি অকাল মৃত্যুক সাৱটিলে ৮ জনকৈ লোকে।

দেওবাৰে বিহাৰৰ ছিৱানৰ নাভিগঞ্জ থানাৰ অন্তৰ্গত বালা গাঁৱত বিষাক্ত সুৰা পান কৰাৰ পিছতে অসুস্থ হৈ পৰে কুৰিৰো অধিক লোক।

অসুস্থ লোক সকলক হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৮ জন লোকে।

অন্যহাতে বিষাক্ত সুৰা পান কৰাৰ পিছত দৃষ্টি শক্তি হেৰুৱাই পেলাইছে ১৪ জন সুৰাপায়ীয়ে।

ৰাজ্যখনত সুৰা নিষিদ্ধ ঘোষণা কৰাৰ পিছতো এনেধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে ৰাজ্যখনৰ অনুসূচিত জাতি মন্ত্ৰী সন্তোষ কুমাৰ সুমনে মঙলবাৰে সুৰাপায়ীৰ এই মৃত্যুক লৈ সংবেদনশীন আৰু তৰল মন্তব্য কৰাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

মন্ত্ৰীগৰাকীয়ে সুৰাপায়ীৰ মৃত্যু সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘এনে ধৰণৰ সৰু সুৰা ঘটনা সদায় ঘটি থাকে।’

সন্তোষ কুমাৰে আনকি সুৰা সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰীৰ স্থিতিৰ উদ্ধৃতি দি কয়, “আমাৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সদায় কয় যে সুৰা বেয়া বস্তু আৰু মানুহে ইয়াৰ পৰা আঁতৰি থাকিব লাগে।’’

ৰাইজে মুখ্যমন্ত্ৰীৰ কথা আওকান কৰি সুৰাপান কৰাৰ বাবেই এনে ধৰণে মৃত্যুমুখত পৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।