fbpx
অসম

সুৰামত্ত আৰক্ষীৰ তাণ্ডৱঃ গোচৰ দিবলৈ যোৱা ৰাইজক মাৰধৰ কৰাৰ লগতে পিষ্টলেৰে ভাবুকি দিয়াৰ অভিযোগ…

ৰাজ্যত পুনৰ আৰক্ষীৰ তাণ্ডৱ।

মহানগৰীৰ পল্টন বজাৰ আৰক্ষীৰ মাৰপিটৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পুনৰ শিৱসাগৰত সংঘটিত হৈছে অনুৰূপ ঘটনা।

শিৱসাগৰৰ চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।

গোচৰ তৰিবলৈ অহা মহিলাসহ কেইবাজনো লোকক অশ্ৰাব্য গালি গালাজ পৰাৰ লগতে পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে।

আনকি গোচৰ তৰিবলৈ যোৱা পুৰুষ-মহিলা নিৰ্বিশেষে আৰক্ষী বিষয়াজনে বেটেৰে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল এটা পানীৰ মটৰ।

এই ঘটনাৰ পিছতে ৰাইজে মুহিবুল আলি নামৰ এজনক সন্দেহবশত কৰায়ত্ত কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ।

কিন্তু আৰক্ষী চকীত সুৰামত্ত অৱস্থাত থকা আৰক্ষী বিষয়াজন খৰ্গহস্ত হৈ পৰে ৰাইজৰ ওপৰত।

আৰক্ষী বিষয়াজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ, সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোক।

ইতিমধ্যে আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৰাইজে। 

Related Articles

Leave a Reply

Back to top button