অসমীয়াঅসম

সুৰাপায়ীলৈ ভাল খবৰ! এতিয়াৰে পৰা দেখা-দেখিকৈ খাব পাৰিব সাজ, ৰহি আদি পৰম্পৰাগত পানীয়…

নিউজ ডেস্কঃ দোকানৰ পৰা যদি ব্ৰেণ্ডি-হুইস্কি কিনি খাব পাৰে, তেন্তে সকলোৱে দেখাকৈ এতিয়াৰে পৰা খাব পাৰিব অসমৰ জনজাতীয় পানীয়ও।

মঞ্চৰ পৰাই এই অনুমতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ জনজাতীয় পৰম্পৰা যাতে হেৰাই নাযায়, তাৰ বাবে সাজ, ৰহি আদি জনজাতীয় পানীয় খোৱাত অনুমতি মু্খ্যমন্ত্ৰীৰ।

তেওঁ কয় যে ব্ৰেণ্ডি, হুইস্কি খাই দিলে পুৰণা পানীয়বোৰ হেৰাই যাব।

যাৰ বাবে মেলা, উৎসৱ, বিহু, জনজাতীয় উৎসৱ-পাৰ্বনত পৰম্পৰাগত পানীয় বিক্ৰী বা পানত অনুমতি প্ৰদান কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে এয়া অত্যাধিক পান নকৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Back to top button